Menu

আমোচ 4

IRV

1 হে চমৰিয়াৰ পৰ্বতত বাস কৰা বাচান ৰ গাইৰ দৰে মহিলাসকল, তোমালোকে শুনা। তোমালোকে দুখীয়াক অত্যাচাৰ কৰা, অভাৱীসকলক চূৰ্ণ কৰা, আৰু নিজ নিজ স্বামীক কোৱা, “আমাৰ কাৰণে পানীয় আনা।" 2 প্ৰভু যিহোৱাই নিজ পবিত্ৰতাৰ শপত খাই কৈছে: “চোৱা, সেই সময় নিশ্চয় আহিব, তেতিয়া হাকোঁতা লগাই তোমালোকক টানি লৈ যোৱা হ’ব। তোমালোকৰ শেষজনকো বৰশীৰে টানি নিয়া হ’ব।" 3 তোমালোক প্ৰতিগৰাকীয়ে নিজৰ সন্মুখতে পোৱা নগৰৰ দেৱালৰ ভগ্নস্থানৰ মাজেদি পোনে পোনে বাহিৰ ওলাই যাবা আৰু তোমালোকক হৰ্মোন ফালে পেলোৱা হ’ব। মই যিহোৱাই এই কথা কৈছোঁ। 4 তোমালোক বৈৎএললৈ যোৱা আৰু পাপ কৰা; গিলগললৈ গৈ অধিক বেছি পাপ কৰা। তোমালোকে প্ৰতি ৰাতিপুৱা তোমালোকৰ উৎসর্গৰ বলি আৰু প্রতি তিনি দিনৰ দিনা তোমালোকৰ দশম ভাগ আনা। 5 তোমালোকে ধন্যবাদৰ অর্থে খমিৰ দিয়া পিঠা উৎসর্গ কৰা আৰু ইচ্ছাকৃতভাৱে দিয়া উৎসর্গৰ বিষয়ে প্ৰচাৰ কৰা; সেইবোৰৰ বিষয়ে ঘোষণা কৰা; কিয়নো, হে ইস্ৰায়েলৰ লোক সমূহ, তোমালোকে এই সকলো কৰিয়েই সন্তোষ পোৱা।” প্রভু যিহোৱাই এই কথা কৈছে। 6 “মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিস্কাৰ কৰি ৰাখিলোঁ আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ; তথাপি, তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে। 7 “শস্য দাবলৈ তিনি মাহ থাকোঁতেই মই তোমালোকৰ ওপৰত বৰষুণ পৰা বন্ধ কৰি দিলোঁ; এখন নগৰৰ ওপৰত বৰষুণ বৰষালোঁ আৰু আনখনত বৰষুণ বন্ধ কৰিলোঁ। এডোখৰ ভুমিয়ে বৰষুণ পালে আৰু আন এডোখৰে বৰষুণ নোপোৱাত শুকাই গ’ল। 8 পানী খাবৰ কাৰণে দুই তিনিখন নগৰৰ লোকসকলে ঢলং পলং কৰি আন নগৰলৈ গ’ল, কিন্তু যথেষ্ট পানী নাপালে। তথাপিও তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে। 9 “মই তোমালোকৰ শস্যবোৰ শুকাই যোৱা ৰোগ আৰু ভেঁকুৰ ধৰা ৰোগেৰে আঘাত কৰিলোঁ; তোমালোকৰ বাগানসমূহ, দ্ৰাক্ষাবাৰীবোৰ, ডিমৰু আৰু জিত গছবোৰ কাকতি ফৰিঙে খাই ধ্বংস কৰিলে; তথাপি তোমালোকে মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে। 10 মিচৰলৈ যেনেকৈ পঠাইছিলো, তেনেকৈ “মই তোমালোকৰ মাজলৈ মহামাৰী পঠালোঁ; তোমালোকৰ যুবকসকলক মই তৰোৱালৰ দ্বাৰাই বধ কৰিলোঁ; তোমালোকৰ ঘোঁৰাবোৰ লৈ গলোঁ; তোমালোকৰ ছাউনিৰ দু্ৰ্গন্ধ তোমালোকৰ নাকত সুমুৱাই দিলোঁ; তথাপি তোমালোকে মোলৈ ঘূৰা নাই।” যিহোৱাই এই কথা কৈছে। 11 মই, তোমালোকৰ ঈশ্বৰে চদোম আৰু ঘমোৰাক যেনেকৈ ধ্বংস কৰিছিলোঁ, তোমালোককো সেইদৰে ধ্বংস কৰিলোঁ। তোমালোক জুইৰ পৰা উলিয়াই অনা আধা পোৰা কাঠৰ নিচিনা থ’লো, তথাপিও তোমালোকে মোলৈ ঘূৰা নাই।” যিহোৱাই এই কথা কৈছে। 12 সেই কাৰণে, হে ইস্ৰায়েলৰ লোক সমূহ, মই তোমালোকলৈ ভয়ানক কিবা এটা ব্যৱহাৰ কৰিম; মই ভয়ানক ব্যৱহাৰ কৰিম বাবে হে ইস্রায়েলবাসী, তোমালোকে নিজ ঈশ্বৰৰ লগত সাক্ষাৎ হ’বলৈ যুগুত হোৱা। 13 কাৰণ চোৱা, যি জনাই পর্বতবোৰ নিৰ্ম্মাণ কৰে, বতাহ সৃষ্টি কৰে আৰু মানুহৰ ওচৰত নিজৰ ভাব প্ৰকাশ কৰে; যি জনাই ৰাতিপুৱাৰ পোহৰক অন্ধকাৰ কৰে আৰু পৃথিবীৰ উচ্চস্থানবোৰত অহা-যোৱা কৰে, তেওঁৰ নাম বাহিনীগণৰ ঈশ্বৰ যিহোৱা।

Everything we make is available for free because of a generous community of supporters.

Donate