Menu

হবক্কুক 1

IRV

1 ভাববাদী হবক্কুকে ঘোষণা কৰা বাৰ্ত্তা গৃহীত কৰিলে। 2 “হে যিহোৱা, মই কিমান দিন সহায়ৰ বাবে কান্দি থাকিম, আৰু আপুনি নুশুনাকৈ থাকিব? মই আপোনাৰ আগত অত্যাচাৰৰ ভয়ত কাতৰোক্তি কৰিছোঁ, কিন্তু আপুনি মোক ৰক্ষা নকৰে। 3 আপুনি মোক কিয় অপৰাধ, আৰু অন্যায় কার্য চাব দিছে? মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈ আছে, ইয়াত বিৰোধ, আৰু বিবাদ বৃদ্ধি পাইছে। 4 সেই কাৰণে বিধান দুৰ্বল হৈছে, আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব। দুষ্টই ধাৰ্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে, ভুল বিচাৰ হয়।" 5 “দেশীয় লোকসকলক চোৱা, আৰু পৰীক্ষা কৰা, আচৰিত আৰু বিস্মিত হোৱা! কাৰণ মই তোমালোকৰ দিনত নিশ্চয় এনে কাৰ্য কৰিম; যি কাৰ্য তোমালোকৰ আগত প্রকাশ হলেওঁ তোমালোকে বিশ্বাস নকৰিবা। 6 কাৰণ চোৱা! দেশৰ হিংস্র আৰু অবিবেচক কলদীয়া সকলক মই তুলি ধৰিবলৈ উদ্যত। তেওঁলোকে পৃথিবীৰ প্রস্থয়েদি যাত্রা কৰি, যিবোৰ তেওঁলোকৰ নহয়, সেইবোৰ ঘৰ অধিকাৰ কৰিব। 7 তেওঁলোক ত্ৰাসজনক আৰু ভয়ানক; তেওঁলোকৰ বিচাৰ আৰু ঐশ্বৰ্য তেওঁলোকৰ নিজৰ পৰাই আৰম্ভ হয়। 8 তেওঁলোকৰ ঘোঁৰাবোৰ নাহৰফুটুকী বাঘতকৈয়ো দ্রুতবেগী, আৰু গধূলি পৰৰ ৰাংকুকুৰতকৈয়ো বেগী! সেয়ে তেওঁলোকৰ ঘোঁৰাবোৰ ছাব মৰা, আৰু তেওঁলোকৰ অশ্বাৰোহীসকল ঈগলে খাবলৈ বেগেৰে উৰি অহাৰ দৰে, বহু দূৰৰ পৰা বেগেৰে আহে। 9 তেওঁলোক সকলোৱে অত্যাচাৰ কৰিবলৈ আহে; তেওঁলোক দলে দলে মৰুভূমিৰ বতাহৰ দৰে যায়, আৰু তেওঁলোকে বালিৰ দৰে বন্দীসকলক গোট খোৱাই। 10 সেয়ে তেওঁলোকে ৰজাক বিদ্রূপ কৰে, আৰু শাসনকৰ্ত্তাসকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্র হয়। তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে; কাৰণ তেওঁলোকে মাটি দ’ম কৰে আৰু সীমা বান্ধি সেই সকলো কাঢ়ি লয়। 11 তাৰ পাছত তেওঁলোকে বতাহৰ দৰে ক্ষিপ্রগতিৰে আগবাঢ়িব; আৰু যিসকলৰ শক্তিয়েই নিজৰ দেৱতা, সেই দোষী লোকসকলৰ ওপৰেৰে পাৰ হ’ব।" 12 “হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ পবিত্ৰ জনা, আপুনি অনাদি কালৰে পৰা নাই জানো? আমাৰ মৃত্যু নহ’ব। যিহোৱাই বিচাৰৰ বাবে তেওঁলোকক অভিষেক কৰিলে, আৰু আপুনি শিল, তেওঁলোকক সংশোধন কৰিবলৈ আপুনি প্রতিষ্ঠিত হ’ল। 13 পাপলৈ স্থিৰভাৱে দৃষ্টি কৰিবলৈ আপোনাৰ দৃষ্টি অতি পবিত্ৰ, আৰু আপুনি অনুগ্রহেৰে সৈতে অন্যায় কাৰ্য চাব নোৱাৰে। তেনেহ’লে আপুনি বিশ্বাসঘাত কৰা সকললৈ কিয় অনুগ্রহেৰে দৃষ্টি কৰিছে? দুষ্টলোকে নিজতকৈ অধিক ধাৰ্মিক লোকক গ্ৰাস কৰাৰ সময়ত আপুনি কিয় নিৰৱে থাকে? 14 আপুনি সাগৰৰ মাছৰ দৰে, আৰু শাসনকৰ্ত্তা নোহোৱা বগাই যোৱা লতাৰ দৰে মানুহক সৃষ্টি কৰিলে? 15 তেওঁলোকে সকলোকে তেওঁলোকৰ বৰশীৰে তোলে, তেওঁলোকে মাছ ধৰা জালেৰে মানুহক ধৰে, আৰু তেওঁলোকক তেওঁলোকৰ জালেৰে গোটায়; এই কাৰণে তেওঁলোকে উৎসাহিত হৈ চিঞৰে আৰু আনন্দ কৰে। 16 সেই কাৰণে তেওঁলোকে নিজৰ মাছ ধৰা জালৰ উদ্দেশ্যে উৎসৰ্গ কৰে, আৰু তেওঁলোকৰ জালৰ উদ্দেশ্যে ধূপ জ্বলায়; কাৰণ হৃষ্টপুষ্ট পশুবোৰ তেওঁলোকৰ অংশ আৰু চৰ্ব্বিযুক্ত মাংস তেওঁলোকৰ আহাৰ হয়। 17 সেয়ে তেওঁলোকে সহানুভূতি নোহোৱাকৈ নিজৰ জাল খালি কৰি, অবিৰাম দেশীয় লোকসকলক বধ কৰিব নে?

Everything we make is available for free because of a generous community of supporters.

Donate