Menu

হোচেয়া 1

IRV

1 যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত আৰু ইস্ৰায়েলৰ ৰজা যোৱাচৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল। 2 হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক কলে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তান সকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।" 3 সেইদৰে হোচেয়াই গৈ দিব্লয়িমৰ জীয়েক গোমৰক বিবাহ কৰিলে; তাৰ পাছত তাই গৰ্ভৱতী হৈ হোচেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। 4 তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম। 5 সেইদিনা মই যিজ্ৰিয়েলৰ উপত্যকাত ইস্ৰায়েলৰ ধনু ভাঙিম।" 6 পাছত গোমৰ পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে; তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা ৰাখা; কিয়নো ইস্ৰায়েলৰ লোক সকলক মই পুনৰায় দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম। 7 কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।" 8 লো-ৰুহামাক পিয়াহ এৰুউৱাৰ পাছত গোমৰ গৰ্ভৱতী হৈ পুনৰায় এটি পুত্ৰ প্ৰসৱ কৰিলে। 9 তেতিয়া যিহোৱাই ক’লে, “তুমি তাৰ নাম লো-অম্মী ৰাখা; কিয়নো তোমালোক মোৰ প্ৰজা নোহোৱা নতুবা মইও তোমালোকৰ ঈশ্বৰ নহয়।" 10 তথাপিও ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা জুখিব আৰু গণিব নোৱাৰা কৰিম; যি ঠাইত তেওঁলোকক কোৱা হৈছিল, “তোমালোক মোৰ লোক নোহোৱা,” সেই ঠাইত, তেওঁলোকক কোৱা হ’ব, “জীৱন্ত ঈশ্বৰৰ সন্তান।" 11 যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ হ’ব।

Everything we make is available for free because of a generous community of supporters.

Donate