Menu

যিচয়া 16

IRV

1 মৰুপ্রান্তৰ চেলাৰ পৰা চিয়োন-জীয়াৰীৰ পৰ্ব্বতলৈ দেশৰ শাসনকৰ্ত্তাৰ ওচৰলৈ মেৰ-ছাগ পোৱালিবোৰ পঠাই দিয়া। 2 ভ্রমি ফুৰা চৰাই আৰু সিঁচৰিত হৈ থকা বাহঁৰ দৰে, মোৱাবৰ মহিলাসকল অৰ্ণোন নদীৰ পাৰত আছে। 3 “পৰামৰ্শ দিয়া, ন্যায় বিচাৰ কৰা, দুপৰীয়া ৰাতি হোৱাৰ দৰে ছাঁ প্রদান কৰা; পলাতক লোকসকলক লুকুৱাই ৰাখা, আৰু তেওঁলোকক বিশ্বাসঘাত নকৰিবা। 4 মোৱাবৰ পৰা অহা শৰণাৰ্থী সকলক তোমালোকৰ লগত বাস কৰিবলৈ দিয়া; বিনাশৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বাবে লুকাই থকা ঠাই হোৱা।” কিয়নো অত্যাচৰ, আৰু ধ্বংস বন্ধ কৰা হ’ব; অপমান কৰা সকল দেশৰ পৰা অদৃশ্য হ’ব। 5 বিশ্বাসযোগ্য নিয়মেৰে এখন সিংহাসন স্থাপিত হ’ব, আৰু দায়ূদৰ তম্বুৰ পৰা এজন বিশ্বাসী তাত বহিব। তেওঁ ন্যায় বিচাৰ বিচৰা দৰে তেওঁ বিচাৰ কৰিব, আৰু ধাৰ্মিকতাৰে কাৰ্য কৰিব। 6 আমি মোৱাবৰ অহংকাৰ, আৰু তেওঁৰ গৰ্বৰ কথা শুনিলোঁ, তেওঁৰ আত্মগৌৰৱ, আৰু তেওঁৰ ক্রোধৰ বিষয়েও শুনিলো; কিন্তু তেওঁৰ আত্মগৌৰৱ মূল্যহীন। 7 সেয়ে মোৱাবৰ বাবে মোৱাব প্ৰতিজনে বিলাপ কৰিছে; আৰু সম্পূৰ্ণভাৱে ধ্বংস হৈ যোৱা কীৰ-হেৰচত ৰ বাবে বিলাপ আৰু শোক কৰিছে। 8 হিচবোনৰ পথাৰবোৰ আৰু চিবমাৰ দ্ৰাক্ষালতা শুকাই গ’ল। দেশৰবোৰৰ শাসনকৰ্ত্তাসকলে উত্তম দ্রাক্ষাগুটি গচকিব, সেইবোৰে যাজেৰ গৈ পাইছিল; আৰু মৰুভুমিত বিয়পি পৰিছিল। ইয়াৰ পোখাবোৰ বিদেশলৈকে বিস্তাৰিত হৈছে; সেইবোৰ সাগৰৰ ওপৰেৰে গৈছে। 9 বাস্তৱিকতে মই চিবমাৰ দ্রাক্ষাবাৰীৰ কাৰণে যাজেৰৰ সৈতে কান্দিম। হে হিচবোন, আৰু ইলিয়ালি, মই মোৰ চকুলোৰে পানী দিম; তোমাৰ পথাৰৰ গ্রীষ্মকালৰ ফল আৰু শস্য দোৱাৰ কাৰণে মই আনন্দৰ উচ্চধ্বনি সমাপ্ত কৰিম। 10 আনন্দ আৰু উল্লাস ফলৱান বাৰীৰ পৰা দূৰ কৰা হ’ব; আৰু তোমাৰ দ্ৰাক্ষাবাৰীবোৰত গান বা আনন্দ ধ্বনি আৰু নহ’ব; দ্ৰাক্ষাকুণ্ডত গচকি দ্ৰাক্ষাৰস উলিয়াবলৈ কোনো গচকা লোক নাথাকিব; মই দ্ৰাক্ষাবাৰীৰ গচকা আনন্দ ধ্বনি থমালোঁ। 11 সেয়ে মোৰ হৃদয়ৰ শ্বাসনিশ্বাস মোৱাবৰ বাবে আৰু মোৰ অন্তৰৰ ভাগবোৰ কীৰ-হেৰচতৰ বাবে এখন বীণাৰ দৰে বাজিছে। 12 যেতিয়া মোৱাবে ওখ স্থানত নিজকে পৰিধান কৰিব, আৰু প্ৰাৰ্থনা কৰিবলৈ তেওঁৰ মন্দিৰত সোমাব, তেতিয়া তেওঁৰ প্রাৰ্থনা কৃতকাৰ্য নহ’ব। 13 এয়ে যিহোৱাই মোৱাবৰ বিষয়ে পূৰ্বতে কোৱা বাক্য; 14 পুনৰ যিহোৱাই কৈছে, “তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ’ব; তেওঁৰ অনেক লোকৰ ওপৰিও, তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ’ব।

Everything we make is available for free because of a generous community of supporters.

Donate