Menu

নহিমিয়া 1

IRV

1 হখলিয়াৰ পুত্র নহিমিয়াৰ কথা: বিশ বছৰৰ কিচ্লেব মাহত মই চুচন নগৰৰ দুৰ্গত থাকোঁতে, এইদৰে হৈছিল। 2 তেতিয়া হনানী নামৰ মোৰ এজন ভাই যিহূদাৰ পৰা কিছুমান লোকৰ সৈতে আহিছিল। মই তেওঁলোকক বন্দীত্বৰ পৰা ৰক্ষা পোৱা ইহুদী লোকসকলৰ উপৰিও যিসকল ইহুদী লোক তাত আছিল, সেই সকলৰ বিষয়ে আৰু যিৰূচালেম চহৰৰ বিষয়ে সুধিছিলো। 3 তেতিয়া তেওঁলোকে মোক ক’লে, “বন্দীত্বৰ পৰা ৰক্ষা পোৱা লোকসকল সমস্যা আৰু অপমানেৰে জৰ্জৰিত হৈ আছে। কিয়নো যিৰূচালেমৰ দেৱাল ভাঙি মুকলি হৈ আছে আৰু দুৱাৰবোৰ জুইৰে পোৰা হৈছে।" 4 এই কথা শুনাৰ লগে লগে, মই বহি ক্ৰন্দন কৰিলোঁ, আৰু মই কিছুদিন শোক কৰি লঘোন দি স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ। 5 মই কলোঁ, “হে যিহোৱা, আপুনি স্বৰ্গৰ ঈশ্বৰ, আপুনি মহান আৰু ঐশ্বৰ্য্যৱান, আপোনাক প্ৰেম কৰোঁতা আৰু আপোনাৰ আজ্ঞা পালন কৰোঁতা সকললৈ আপোনাৰ নিয়ম আৰু দয়া কেনে মহান। 6 আপোনাৰ দাস ইস্ৰায়েলী লোকসকলৰ অৰ্থে মই আপোনাৰ আগত দিনে-ৰাতিয়ে কৰা প্ৰাৰ্থনা শুনক আৰু মোলৈ দৃষ্টি কৰক। আমি আপোনাৰ বিৰুদ্ধে যি পাপ কৰিলোঁ, এনে কি মই, আৰু মোৰ পিতৃ পৰিয়ালেও যি পাপ কৰিলে, তাৰ বাবে মই ইস্রায়েলী লোকসকলৰ হৈ পাপ স্বীকাৰ কৰিছোঁ। 7 আমি আপোনাৰ বিৰুদ্ধে বহুতো পাপ কৰ্ম কৰিলোঁ, আৰু আপুনি আপোনাৰ দাস মোচিক দিয়া আজ্ঞা, বিধি, আৰু শাসন প্ৰণালীবোৰ পালন নকৰিলোঁ। 8 বিনয় কৰোঁ, আপুনি আপোনাৰ দাস মোচিক আজ্ঞা কৰা বাক্য সোঁৱৰণ কৰক। আপুনি মোচিক কৈছিল, “যদি তোমালোকে অবিশ্ৱাসীৰ দৰে কাৰ্য কৰা, মই তোমালোকক দেশৰ মাজত ছিন্ন-ভিন্ন কৰিম, 9 কিন্তু যদি তোমালোকে মোলৈ ঘুৰি আহাঁ, আৰু মোৰ আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা, তেন্তে তোমালোকৰ লোকসকল আকাশৰ অন্তভাগত ছিন্ন-ভিন্ন হৈ থাকিলেও, মই তাৰ পৰা তেওঁলোকক আনি একগোট কৰিম, আৰু মোৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁলোকক ঘূৰাই আনিম’। 10 তেওঁলোকেই আপোনাৰ দাস আৰু প্ৰজা, যাক আপুনি আপোনাৰ মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মুক্ত কৰিলে। 11 হে যিহোৱা, বিনয় কৰোঁ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা শুনক, আৰু যিসকলে আপোনাৰ নাম গৌৰৱাম্বিত কৰি আনন্দিত হয়, তেওঁলোকৰো প্ৰাৰ্থনা শুনক। বিনয় কৰোঁ, আজি আপোনাৰ এই দাসক কৃতকাৰ্য হ’বলৈ দিয়ক, আৰু এই ব্যক্তিৰ সাক্ষাতে তেওঁক অনুগ্ৰহ দান কৰক।” মই ৰজাৰ পান-পাত্ৰ ধৰোঁতাৰূপে সেৱা কৰিছিলোঁ।

Everything we make is available for free because of a generous community of supporters.

Donate