Menu

গীতমালা 148

IRV

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা। 2 হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা! 3 হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা; হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা! 4 হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা! হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জল সমূহ, তেওঁৰ প্রশংসা কৰা! 5 সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ’ল। 6 তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে; তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব। 7 হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ, পৃথিৱীৰ পৰা তোমালোকে যিহোৱাৰ প্রশংসা কৰা! 8 হে জুই আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী, আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা! 9 হে সকলো পর্বত আৰু পাহাৰবোৰ, আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্রশংসা কৰা! 10 হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ, আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা! 11 হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা! 12 হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা! 13 এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক; কিয়নো কেৱল তেওঁৰেই নাম মহান; তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত। 14 তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি শিং উত্তোলন কৰিলে; সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্রশংসা, সেয়া তেওঁৰ ওচৰত থকা ইস্রায়েল জাতিৰ বাবে প্রশংসা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

Everything we make is available for free because of a generous community of supporters.

Donate