Menu

গীতমালা 9

IRV

1 হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম। 2 মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম! 3 মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল, তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল। 4 তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা। কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা। 5 তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা। 6 শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা। 7 কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে। 8 তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে। 9 উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়। 10 যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা। 11 যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা। 12 কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়; পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে। 13 হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা। 14 মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম! 15 আন জাতিবোৰ নিজে খন্দা গাতত ডুবিল; তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল। 16 ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)। 17 যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব; 18 অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব। 19 হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক। 20 হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)।

Everything we make is available for free because of a generous community of supporters.

Donate