Menu

গীতমালা 91

IRV

1 যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে 2 তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।" 3 তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব। 4 তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব। 5 তুমি ৰাতিৰ আতঙ্কলৈ; আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা। 6 অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা। 7 হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক, আৰু তোমাৰ সোঁফালে অযুত অযুত; কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব। 8 তুমি কেৱল নিজ চকুৰে দেখা পাবা; দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা। 9 ‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’ তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা। 10 সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। 11 কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। 12 তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় 13 তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। 14 কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। 15 তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। 16 মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম।

Everything we make is available for free because of a generous community of supporters.

Donate