Menu

দ্বিতীয় বিৱৰণ 25

IRV

1 যদি লোকসকলৰ মাজত বিবাদ হয় আৰু সেই বিবাদ আদালতলৈ নিয়া হয়, তেন্তে বিচাৰকসকলে বিচাৰ কৰি তেওঁলোকৰ নিৰ্দোষীক নিৰ্দোষ আৰু দোষীক দোষী কৰিব; 2 সেই বিচাৰত যদি দোষী প্ৰহাৰৰ যোগ্য হয়, তেন্তে বিচাৰকে তেওঁক মাটিত শুৱাই লৈ তাৰ দোষ অনুসাৰে হিচাপ কৰি নিজৰ সন্মুখতে তেওঁক কোবোৱাব। 3 বিচাৰকে তেওঁক চল্লিশ কোবৰ অধিক মৰাব নোৱাৰিব; তাৰ অধিক মাৰিলে এজন ইস্রায়েলীয়া ভাইক অাপোনালোকৰ আগত নীহ কৰা হ’ব। 4 শস্য মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব। 5 যদি ককাই-ভাইসকল একেলগে থাকে আৰু তেওঁলোকৰ মাজৰ এজন ভাই পুত্রহীন হৈ মৰে, তেন্তে সেই মৃতকৰ ভাৰ্য্যাই বাহিৰৰ আন পুৰুষক বিয়া কৰিব নোৱাৰিব; দেওৰেক বা বৰ-জনাই তাইক বিয়া কৰি কৰিব আৰু তাইৰ প্রতি দেওৰেক বা বৰ-জনাৰ কৰিবলগীয়া কর্তব্য পালন কৰিব। 6 পাছত সেই মহিলাৰ ঔৰসত যি প্ৰথম সন্তান জন্ম হ’ব, তেওঁ সেই মৃত ভাইৰ নাম ৰক্ষা হ’ব আৰু সেই মৃত ভাইৰ নাম ইস্ৰায়েলৰ মাজৰ পৰা লুপ্ত হৈ নাযাব। 7 কিন্তু সেই পুৰুষে যদি নিজ ভায়েক বা ককায়েকৰ তিৰোতাক গ্ৰহণ কৰিব নোখোজে, তেন্তে তাৰ ককায়েক বা ভায়েকৰ সেই তিৰোতাই নগৰৰ দুৱাৰ মুখলৈ বৃদ্ধ লোকসকলৰ ওচৰলৈ গৈ ক’ব, “মোৰ দেওৰ বা বৰজনাই ইস্ৰায়েলৰ মাজত নিজ ককায়েক বা ভায়েকৰ নাম ৰাখিবলৈ অসন্মত হৈছে; মোৰ প্রতি মোৰ দেওৰ বা বৰজনাই কৰিবলগীয়া কর্তব্য পালন কৰিবলৈ ইচ্ছুক নহয়।" 8 তেতিয়া সেই নগৰৰ বৃদ্ধ লোকসকলে সেই পুৰুষক মাতি আনি বুজাব; ইয়াৰ পাছতো যদি তেওঁ দৃঢ়তাৰে কয় যে, “তাইক লবলৈ মোৰ ইচ্ছা নাই," 9 তেতিয়া তেওঁৰ ককায়েক বা ভায়েকৰ ভাৰ্য্যাই বৃদ্ধ লোকসকলৰ সাক্ষাতে দেওৰেক বা বৰজনাৰ গুৰিলৈ গৈ তেওঁৰ ভৰিৰ পৰা জোতা খুলি ল’ব আৰু তেওঁৰ মুখত থু পেলাই ক’ব, “নিজ ককাই বা ভাইৰ বংশ যি জনে ৰক্ষা কৰিবলৈ নিবিচাৰে, তেওঁৰ প্রতি এনে ব্যৱহাৰকে কৰা হয়।" 10 ইস্ৰায়েলৰ মাজত সেই লোকৰ বংশ ‘জোতা-খোলা পুৰুষৰ বংশ’ বুলি প্ৰখ্যাত হ’ব। 11 দুজন লোকৰ মাজত কাজিয়া কৰাৰ সময়ত যদি এজনৰ ভাৰ্য্যাই তেওঁৰ স্বামীক আঘাত কৰা আন জনৰ হাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ওচৰলৈ আহে আৰু হাত মেলি আন লোকজনৰ গুপুত অঙ্গ ধৰে, 12 তেতিয়া অাপোনালোকে তাইৰ হাত কাটি পেলাব; তাইলৈ আপোনালোকে কোনো দয়া নেদেখুৱাব। 13 আপোনালোকৰ মোনাত যেন সৰু আৰু ডাঙৰ দুই ৰকমৰ দগা নাথাকে। 14 আপোনালোকৰ ঘৰত সৰু আৰু ডাঙৰ দুই ধৰণৰ জোখৰ পাত্র যেন নাথাকে। 15 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিব, সেই দেশত আপোনালোকৰ আয়ুস দীঘল হ’বৰ কাৰণে আপোনালোকে সঠিক আৰু ন্যায় দগা, সঠিক আৰু ন্যায় জোখৰ পাত্র ৰাখিব লাগিব। 16 কাৰণ, যেয়ে এই সকলো কাৰ্য কৰে অর্থাৎ সকলো ধৰণৰ অধার্মিক কার্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁক ঘৃণা কৰে। 17 আপোনালোক মিচৰ দেশৰ পৰা ওলাই আহোঁতে বাটত অমালেকীয়াসকলে আপোনালোকৰ সৈতে যি কৰিছিল, তাক সোঁৱৰণ কৰক। 18 আপোনালোক শ্রান্ত আৰু ক্লান্ত হৈ থকা অৱস্থাত যি দুর্বল লোকসকল পাছত গৈ আছিল, কেনেকৈ তেওঁলোকে বাটত লগ পাই আক্রমণ কৰিছিল, তাক সোঁৱৰণ কৰক। তেওঁলোকে ঈশ্বৰক ভয় কৰা নকৰিছিল। 19 এই হেতুকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ স্বৰূপে অধিকাৰ কৰিবলৈ আপোনালোকক দিবলৈ গৈছে, সেই দেশত আপোনালোকৰ চাৰিওফালে থকা সকলো শত্রুবোৰৰ পৰা তেওঁ যেতিয়া আপোনালোকক বিশ্ৰাম দিব, তেতিয়া আকাশৰ তলৰ পৰা অমালেকীয়াসকলৰ চিন আপোনালোকে একেবাৰে মছি পেলাব লাগিব। এই কথা আপোনালোকে নাপাহৰিবা।

Everything we make is available for free because of a generous community of supporters.

Donate