Menu

দ্বিতীয় বিৱৰণ 26

IRV

1 আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ হিচাবে আপোনালোকক দিব, আপোনালোকে সেই দেশ অধিকাৰ কৰি যেতিয়া তাত বাস কৰিব, 2 তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব। 3 তেতিয়া যি জন পুৰোহিত থাকিব আপোনালোকে গৈ তেওঁক ক’ব, “যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্ব-পুৰুষসকলৰ আগত শপত খাইছিল, সেই দেশত মই সোমালো ইয়াক আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰ কৰিছোঁ।" 4 তাতে পুৰোহিত জনে আপোনালোকৰ হাতৰ পৰা পাচিটো লৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত থব। 5 তাৰ পাছত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’ব, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল। 6 মিচৰীয়াসকলে আমাৰ লগত ভাল ব্যৱহাৰ নকৰিলে আৰু আমাক কষ্ট দিছিল। আমাৰ ওপৰত শ্রমৰ কঠিন বোজা দি দাসৰ কাম কৰালে; 7 তেতিয়া আমি আমাৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ আগত কাতৰোক্তি কৰিলোঁ, তাতে যিহোৱাই আমাৰ কাতৰোক্তি কৰিলোঁ। তেওঁ আমাৰ ক্রন্দন শুনিলে; আমাৰ কষ্ট আৰু পৰিশ্ৰম দেখিলে আৰু আমাৰ ওপৰত হোৱা উপদ্ৰৱলৈ দৃষ্টি কৰিলে। 8 যিহোৱাই এক বলৱান হাতেৰে, নিজৰ ক্ষমতা দেখুৱাই, মহা ভয়ানক কাৰ্যৰে, নানা চিন আৰু অদ্ভুত লক্ষণেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে। 9 তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ মৌ বোৱা এই দেশ আমাক দিলে। 10 সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছোঁ।’ এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিব। 11 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে আপোনালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব। 12 প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব। 13 তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপুনি এই কথা ক’ব, ‘মই আপোনাৰ সকলো আজ্ঞা অনুসাৰে মোৰ আয়ৰ পৰা পবিত্র অংশটো ঘৰৰ পৰা উলিয়াই আনি লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিলোঁ; আপোনাৰ আজ্ঞাসমূহৰ এটাও মই অমান্য কৰা নাই আৰু সেইবোৰ মই পাহৰা নাই। 14 মৃতলোকৰ কাৰণে শোক প্রকাশৰ কালত মই পবিত্র অংশৰ অলপো খোৱা নাই বা অশুচি হোৱা কালত তাৰ একোকে উলিওৱা নাই বা তাৰ পৰা কোনো অংশ মৃত লোকৰ সন্মানর্থে দান কৰা নাই। মই মোৰ ঈশ্বৰ যিহোৱাৰ কথা শুনিলো; আপুনি মোক দিয়া সকলো আজ্ঞাৰ দৰে মই কাৰ্য কৰিলোঁ। 15 হে যিহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলীয়াসকলক আশীর্বাদ কৰক। আমাৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত তুমি কৰা শপত অনুসাৰে যি গাখীৰ মৌ বোৱা ভুমি আমাক দিছা, সেই দেশক আশীৰ্ব্বাদ কৰা’।" 16 আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; এই হেতুকে আপোনালোকে সকলো মন আৰু সকলো প্ৰাণেৰে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব। 17 আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অাপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনালোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব। 18 যিহোৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে, তেওঁ যেনেকৈ প্রতিজ্ঞা কৰিছিল, সেইদৰে আপোনালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্রজা হৈছে আৰু আপোনালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত। 19 যিহোৱাই আজি ঘোষণা কৰিছে যে, প্রশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্রত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত আপোনালোকক স্থান দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দৰে কৈছিল, সেইদৰেই আপোনালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ’ব।

Everything we make is available for free because of a generous community of supporters.

Donate